ক্ৰমাৎ ধূসৰিত ছবি
(পুলক জ্যোতি শৰ্মা)
হালৈৰ কঁকালত খালৈ
পুৱাতেই ওলাল তামৰঙা বিললৈ
খেৱালি মাৰিলে মাছলৈ
মাছ উঠিল পুঠি দৰিকণা খলিহৈ
ৰং মনে উভতিল ঘৰলৈ
ঘৈণীক ক’লে – হো ল ৰান্ধগৈ
মই সাউৎকৈ গাটো তিয়াই আহোগৈ
********
জোনাক ৰাতি
চোতালত ঢাৰিপাটি পাৰি
খুন্দনাটো লৈ আইতাই ল’লে বহি
আইতাৰ কাষতে বহিল নাতিহঁত থুপপাতি
আইতাই মেলিলে সাধুকথাৰ কুকি
সাধু শুনি নাতিৰ সোলামুখৰ সৰিল লালতি
ৰাইকসৰ কথাত বহিল আটাইকেইটা চাপিকুঁচি
অপেচৰীৰ কথাত মন গ’ল ডাৱৰৰ সিপাৰলৈ উৰি
ৰাজকোঁৱৰ আৰু কুঁৱৰীৰ সাধুত আইতাৰ কোলাতে পৰিল টোপনিত ঢলি
********